
লাইফ স্কিল ট্ৰেইনিং ইনষ্টিটিউটৰ এবছৰীয়া লাইফ স্কিলআৰু মটিভেচন কৰ্চৰ এয়া এটা চেম্পলহে ৷ ইয়াত মাত্ৰ প্ৰথম দুটা চেচন বা ক্লাছহে আছে৷ মুখ্য কৰ্চটোত এনেকুৱা ২০ টা চেচন থাকিব৷ এয়া আপোনালোকে যাতে কৰ্চটো কেনেকুৱা হ’ব তাৰ এটা আভাস পায় তাৰবাবে চেষ্টা কৰা হৈছে৷
This is just a sample of the main course. We offer a Yearly Motivation Course and a Yearly Life Skill Course. We offer these courses in both Assamese and English. If you like this free sample, then please contact us for the main course. The main course is a paid course.
এই কৰ্চটো অনলাইন হ’ব৷ শিক্ষক এজনে ইয়াক চলোৱাৰ আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগিব সেয়া দেখুৱাই দিলেই হ’ল৷ বাকী সকলোবোৰ ভিডিওবোৰতে আছে৷
আপোানলোকৰ ছাত্ৰ-ছাত্ৰীসকলক আপোনালোকে আন কৰ্চবোৰ যেনেদৰে নিৰ্দিষ্ট সময় অনুসৰি পঢ়ায় তেনেদৰে ইয়াকো পঢ়াব পাৰিব৷ মাত্ৰ ভিডিওবোৰ এটাৰ পিছত এটাকে চলাই গ’লেই হ’ল৷ তাৰ লগতে থকা এক্সাচাইজবোৰ কৰিবলৈ দিবলৈ নাপাহৰিব৷ সেয়া বৰ প্ৰয়োজনীয়৷
মাহত এনে মাত্ৰ দুটা চেচন কৰিলেও হ’ব৷ যদি আপুনি বেছি সোনকালে ৰ্কচটো শেষ কৰিব বিচাৰে তেন্তে মাহত ৪ টা চেচন কৰিব পাৰিব৷ তাতোকৈ বেছি নকৰাই ভাল হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলক লাহে ধিৰে, ভালদৰে শিকিবলৈ দিলেই ভাল হ’ব৷
যিমান সহজকৈ পাৰি সিমান সহজকৈ কথাবোৰ বুজাবলৈ ইয়াত চেষ্টা কৰা হৈছে৷ কিবা অসুবিধা পালে আমাক নিশ্চয় জনাব, আমি লগে লগে সহায় কৰিম৷